" "

Dream BPT

This post may contain Amazon affiliate links. If you make a purchase through one of these links, we may earn a small commission at no extra cost to you. Learn more.
৭৮ তম স্বাধীনতা দিৱসৰ ৰচনা ২০২৪

স্বাধীনতা দিৱসৰ ৰচনা, স্বাধীনতা দিৱসৰ ৰচনা অসমীয়া, স্বাধীনতা দিৱসৰ বিষয়ে ৰচনা, স্বাধীনতা দিৱসৰ বিষয়ে ৰচনা 2024, স্বাধীনতা দিৱসৰ ৰচনা

 
আৰম্ভণিঃ ‘স্বাধীন’ শব্দৰ অৰ্থ হৈছে কোনোবাৰ অধীনত নথকা। স্বাধীনতা মানে কোনো ব্যক্তি বা দেশৰ অধীনত নথকা অৱস্থা। যদি এখন দেশ বা এটা জাতি আন এটা দেশ বা জাতিৰ অধীনৰ পৰা মুক্ত হয়, তেতিয়া সেই দেশ বা জাতিয়ে যিখন দিনত মুক্তি লাভ কৰে, সেই দিনটো স্বাধীনতা দিৱস হিচাপে উদযাপন কৰে। আমেৰিকাই ১৭৭৬ চনৰ ৪ জুলাইত স্বাধীনতা লাভ কৰিছিল, সেয়েহে সেই দিনটো আমেৰিকাৰ স্বাধীনতা দিৱস। ঠিক সেইদৰে, ফ্ৰান্সৰ বাবে ১৪ জুলাই (১৭৮৯ চনত স্বাধীন হৈছিল), পাকিস্তানৰ বাবে ১৪ আগষ্ট (১৯৪৭ চনত স্বাধীনতা লাভ কৰিছিল), আৰু ভাৰতৰ বাবে ১৫ আগষ্ট (১৯৪৭ চনত স্বাধীনতা লাভ কৰিছিল) স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়।
 
ভাৰতবৰ্ষৰ স্বাধীনতা দিৱস ১৫ আগষ্টত উদযাপন কৰা হয়। ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে বৃটিছ শাসনৰ পৰা পূৰ্ণৰূপে স্বাধীনতা লাভ কৰিছিল। এই দিনটো সমগ্ৰ দেশবাসীৰ বাবে এক অত্যন্ত গৌৰৱময় আৰু স্মৰণীয় দিন।
স্বাধীনতা দিৱসৰ পটভূমি: স্বাধীনতা দিৱসৰ ইতিহাস বহুতো ত্যাগ আৰু বলিদানৰ সৈতে জড়িত। ১৭৫৭ চনৰ প্লাছিৰ যুদ্ধৰ পাছতে ইংৰাজে ভাৰতৰ বিভিন্ন অংশৰ ওপৰত নিজৰ শাসন কায়েম কৰিছিল। তাৰপিছত ভাৰতবাসীয়ে বহু সংঘৰ্ষ আৰু আন্দোলন কৰে ইংৰাজৰ শাসনৰ পৰা মুক্তি লাভ কৰিবলৈ। মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বসু, পণ্ডিত জৱাহৰলাল নেহৰু আদি বহুতো স্বাধীনতা সংগ্ৰামীৰ নেতৃত্বত ভাৰতৰ স্বাধীনতা আন্দোলন এক বৃহৎ ৰূপ লৈছিল।
 
তাৎপৰ্যঃ ভাৰত বহু বছৰ ধৰি ব্ৰিটিছৰ অধীনত আছিল। স্বাধীনতা লাভৰ বাবে বহু বছৰ ধৰি ভাৰতীয়সকলে আন্দোলন কৰিছিল। ১৮৫৭ চনৰ চিপাহী বিদ্রোহ এই আন্দোলনৰ এটা প্ৰধান অংশ আছিল। মহাত্মা গান্ধীৰ নেতৃত্বত জাতীয় কংগ্ৰেছে অহিংসা আৰু অসহযোগ আন্দোলনৰ জৰিয়তে স্বাধীনতা আন্দোলন চলাইছিল। আনহাতে, নেতাজী সুভাষ চন্দ্ৰ বসুৱে আজাদ হিন্দ ফৌজ গঠন কৰি যুদ্ধ আৰম্ভ কৰিছিল। গান্ধীজী, জৱাহৰলাল নেহৰু, সীমান্ত গান্ধী গফুৰ খান, জয়প্ৰকাশ নাৰায়ণ আদি নেতাসকলে অসীম ধৈৰ্য আৰু কষ্টৰ ফলস্বৰূপে ১৯৪৭ চনত ভাৰত স্বাধীনতা লাভ কৰে। অসমতো বহুজন স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিছিল। পিয়লি ফুকন, মণিৰাম দেৱানৰ পাছত মহাত্মা গান্ধীৰ আন্দোলনত কনকলতা, ভোগেশ্বৰী ফুকননী, তিলক ডেকাই প্ৰাণ আহুতি দিয়ে, কুশল কোঁৱৰক ফাঁচি দিয়া হয়। তৰুণৰাম ফুকন, নৱীন চন্দ্ৰ বৰদলৈ, দেৱেশ্বৰ শৰ্মা আদি নেতাসকলে কাৰাবৰণ কৰিছিল। ১৯৪৭ চনৰ ১৪ আগষ্টৰ নিশা ১২ বজাৰ পাছতেই স্বাধীনতা ঘোষণা হোৱাত, ১৫ আগষ্টৰ দিনা স্বাধীনতা দিৱস পালন কৰা হয়।
দিৱস পালনঃ প্রতি বছৰৰ ১৫ আগষ্টত পুৱা ৰাজহুৱা স্থান, ব্যক্তিগত ঘৰ আদিত পতাকা উত্তোলন কৰা হয়। ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে দিল্লীৰ লাল কিল্লাত পতাকা উত্তোলন কৰে। সেই দিনা মটৰগাড়ী, যানবাহন, অনুষ্ঠান, কাৰ্যালয় আদিত জাতীয় পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলনৰ পাছত সভা-সমিতি হয়, আনন্দ-উৎসৱ হয়। কোনো কোনো ঠাইত শিশুসকলক বিনামূল্যে চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হয়, চিকিৎসালয়ত ৰোগীক ফল-মূল বিতৰণ কৰা হয়। আবেলি খেল-ধেমালি হয় আৰু সন্ধিয়া আলোকসজ্জা কৰা হয়।
 
স্বাধীনতা দিৱস উদযাপন: স্বাধীনতা দিৱসত দেশৰ সৰ্বত্ৰ উৎসাহ আৰু আনন্দৰ বাতাবৰণ পৰিলক্ষিত হয়। ৰাষ্ট্ৰীয় পতাৰোহণ অনুষ্ঠানৰ সৈতে এই দিনটোৰ আৰম্ভণি হয়। ভাৰতৰ প্রধানমন্ত্রী লাল কিলাৰ পৰা ৰাষ্ট্ৰৰ সন্মুখত ভাষণ দিয়ে আৰু ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। বিভিন্ন স্কুল, কলেজ আৰু চৰকাৰী সংস্থাতো পতাকা উত্তোলন কৰা হয় আৰু স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগ আৰু বলিদানক স্মৰণ কৰা হয়।
 
অসমত স্বাধীনতা দিৱস উদযাপন: অসমতো ১৫ আগষ্টত স্বাধীনতা দিৱস উদযাপন কৰা হয়। ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ফিল্ডত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আৰু জনগণৰ সন্মুখত ভাষণ দিয়ে। বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, দেশপ্ৰেমিক গীত আৰু পেৰেডৰ সৈতে এই দিনটো উদযাপন কৰা হয়।
 
সামৰণিঃ ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত স্বাধীনতা লাভ কৰাৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজত দেশ ভাগ হয়। এই স্বাধীনতা আমাৰ নেতা সকলে অশেষ ত্যাগৰ ফলস্বৰূপে লাভ কৰিছিল। সেয়েহে তেওঁলোকৰ আদৰ্শ ৰক্ষা কৰিবলৈ আমি সুনাগৰিক হিচাপে নিজৰ কৰ্তব্য পালন কৰিব লাগিব। সেয়া কৰিবলৈ ছাত্ৰ অৱস্থাৰ পৰা আমি শিক্ষা-দীক্ষা লাভ কৰি ভাৰত জননীক সেৱা কৰিবলৈ দৃঢ় সংকল্প ল’ব লাগে।
 
স্বাধীনতা দিৱস হৈছে ভাৰতবাসীৰ বাবে এক সৰ্বশ্ৰেষ্ঠ গৌৰৱৰ দিন। এই দিনটোত আমি সকলো ভারতীয় মিলি স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগ আৰু বলিদানক স্মৰণ কৰো আৰু দেশৰ প্ৰতি আমাৰ কৰ্তব্য আৰু দায়িত্ব বুজি লও।
স্বাধীনতা দিৱসৰ মাহাত্ম্য আমাৰ জীৱনত সৰ্বদাই থকা উচিত, যাতে আমি আমাৰ দেশক উন্নতিৰ পথত আগবঢ়াই নিব পাৰো।
জয় হিন্দ!

আৰু অধিক পঢ়ক:

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top